August 3, 2024 2:04 PM

ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰে কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই দেশৰ ৯খন প্ৰভাৱিত ৰাজ্যত ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, দেশত ডেংগীৰ ফলত হোৱা মৃত্যুৰ হাৰ ১৯৯৬ চনত ৩.৩ শতাংশৰ পৰা ২০২৩ চনত ০.১৭ শতাংশলৈ হ্ৰাস পাইছে৷ সচিবগৰাকীয়ে ৰাজ্য আৰু পৌৰসভাসমূহক ডেংগীৰ প্ৰাদুৰ্ভাৱ সময়মতে নিয়ন্ত্ৰণৰ বাবে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰভাৱিত এলেকা চিনাক্তকৰণ, চোৱাচিতা ...

July 10, 2024 8:20 PM

দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তুতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে, স্বাস্থ্য মন্ত্ৰালয়ে ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু এই সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে, মন্ত্রালয়ে অহর্নিশে কার্যক্রম ডেংগী হেল্পলাইন মুকলি কৰিব। ৰাজ্যসমূহকো...