May 7, 2024 2:51 PM

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ বাহিনীটোৰ উপ আয়ুক্ত অমিত গোৱেলে প্ৰকাশ কৰা অনুসৰি আটাইকেইটা অভিযুক্ত দিল্লী আৰু ৰাজধানী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল। তেওঁ কয় যে অভিযুক্তকেইটাৰ পৰা ৫ কোটি টকাৰো অধিক মূল্যৰ ২ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু ১ কিলোগ্রাম ক্রুড হেৰ’ইন জব্দ কৰা হৈছে। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বেৰিলী আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত হেৰ'ইন প্ৰস্তুত কৰা দুটা কাৰখা...

May 4, 2024 1:13 PM

স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ গোচৰৰ সংক্ৰান্তত স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰৰ সংক্ৰান্তত এজাহাৰ ৰুজু কৰিছিল।

May 1, 2024 7:20 PM

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত বোমা সংস্থাপনৰ বাতৰি ভুৱা বুলি দিল্লী আৰক্ষীৰ প্ৰকাশ

দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি অচিনাক্ত লোকে বিয়পোৱা বাৰ্তাটোক ভুৱা বুলি অভিহিত কৰিছে। এই বিদ্যালয় কেইখনে ই-মেইলৰ জৰিয়তে বাৰ্তাটো লাভ কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ অনুসন্ধান চলি আছে বুলি সদৰি কৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীৰ অভিযানত কোনোধৰণৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে এই সন্দৰ্ভত প্রয়োজন...