September 17, 2024 6:17 PM

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বাছনি

নতুন দিল্লীত আজি অনুষ্ঠিত আম আদমী পাৰ্টীৰ বিধায়কসকলৰ বৈঠকত দলৰ জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বিধায়িনী গোটৰ নেত্ৰী হিচাপে বাছনি কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী গোপাল ৰায়ে কয় যে পৰৱৰ্তী বিধানসভা নিৰ্বাচন পর্যন্ত আতিশী মুখ্যমন্ত্ৰী হ'ব বুলি সৰ্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আম আদমী পাৰ্টীয়ে অহা অক্টোবৰ-নৱেম্বৰত দিল্লীত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী ৰায়ে বিজেপিয়ে আম আদমী পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে...