August 23, 2024 6:09 PM

ৱাশ্বিংটনত প্রবাসী ভাৰতীয়ক সম্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে স্বাভাৱিকভাৱে মিত্ৰ ৰাষ্ট্ৰ আৰু দুয়োখন ৰাষ্ট্ৰ শক্তিশালী অংশীদাৰী হোৱাতো নিশ্চিত। আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্রীসিঙে এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডিচিত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে ভাৰতীয় লোকসকলে নিজৰ সাংস্কৃতিক প্রমূল্য বজাই ৰাখি নিজ দেশৰ সৈতে সংযোজিত হৈ থকাটো অতি সুখৰ বিষয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত ভাৰত আৰু আমেৰিকাই যো...