September 2, 2024 6:16 PM

জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বাসিন্দা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। সুদীৰ্ঘ দিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো দৈনিক বাতৰি কাকতৰ লগতে বৈদ্যুতিন মাধ্যমৰ সৈতেও জড়িত আছিল। তদুপৰি অসম নাট্য সন্মিলনৰ বৰপেটা জিলাৰ সভাপতি আৰু জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বও তেওঁ পালন কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে।

April 8, 2024 11:23 AM

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰাৰ উপৰি কেইবাখনো অভিধানৰ তেওঁ যুটীয়া সংকলক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা চলিহাই শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য, ...