July 15, 2024 6:58 PM

কলম্বিয়াক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

আৰ্জেণ্টিনাই মায়ামিৰ হাৰ্ড ৰ'ক ষ্টেডিয়ামত আজি পুৱা কলম্বিয়াক ১-০ৰ ব্যৱধানত পৰাস্ত কৰি কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লটাৰো মার্টিনেজে খেলৰ দ্বিতীয়ার্ধত বিজয়ী গ'লটো দিয়ে। আর্জেণ্টিনাই অভিলেখ সংখ্যক ১৬ বাৰৰ বাবে এই টুর্ণামেণ্টৰ খিতাপ অৰ্জন কৰিছে। টুর্ণামেণ্টত সর্বাধিক গল দি লওটাৰো মাৰ্টিনেজে ২০২৪ কোপা আমেৰিকা গ'ল্ডেন বুট লাভ কৰে। মার্টিনেজে টুর্ণামেন্টখনত মুঠ ৫টা গ'ল দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আর্জেন্টিনাই ২০২২ চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ খিতাপ জয় কৰিছিল। 

July 13, 2024 7:09 PM

কোপা আমেৰিকা ফুটবলত কাইলৈ পুৱা ৫.৩০ বজাত আৰ্জেণ্টিনা-কলম্ৱিয়াৰ মাজত ফাইনেল খেল

মহাদেশীয় ফুটবল প্রতিযোগিতা কোপা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা চাৰে পাঁচ বজাত মিয়ামিত হ'বলগীয়া ফাইনেল খেলত আর্জেণ্টিনা, কলম্বিয়া বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকা ফুটবল প্রতিযোগিতাত চূড়ান্ত বিজয়ী হোৱাৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত আৰ্জেণ্টিনা আৰু উৰুগুৱে হৈছে আটাইতকৈ সফল দল। দুয়োটা দ...

July 5, 2024 6:59 PM

ক’পা আমেৰিকা,২০২৪ ফুটবল প্রতিযোগিতাত আৰ্জেণ্টিনা ছেমি ফাইনেলত প্ৰবেশ

ক'পা আমেৰিকা-২০২৪ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাই ইকুৱেডৰক পেনাল্টি শ্বুট আউটৰ সহায়ত ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এইবাৰ একেৰাহে পঞ্চমবাৰৰ বাবে আৰ্জেণ্টিনাই ছেমিফাইনেলত প্ৰবেশ কৰিছে। কানাডা আৰু ভেনিজুৱেলাৰ মাজত আজি অনুষ্ঠিত খেলখনত বিজয়ী দলটোৰ সৈতে এতিয়া আর্জেণ্টিনা ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। অহা ৯ জুলাইত নিউ জাৰ্চীৰ ইষ্ট ৰাৰ্ডাৰফৰ্ডৰ মেট লাইফ ষ্টেডিয়ামত ছেমিফাইনেল খেলখন অনুষ্ঠিত হ'ব।