April 5, 2024 12:02 PM

তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছেঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেশখালীৰ অপৰাধীসকল জীৱনৰ বাকী কাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, একমাত্র বিজেপিহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি ক...

April 1, 2024 11:56 AM

দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কে চি বেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলো এই বৈঠকত উপস্থিত থাকে।