April 30, 2024 11:17 AM
গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্ৰেছৰ সদস্য গ্ৰেপ্তাৰ
বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভুৱা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি কংগ্ৰেছৰ সদস্য ৰীতম সিঙক গ্রেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘ৱাৰ ৰূম’ৰ অন্যতম সমন্বয়ক ৰীতম সিঙক পাণবজাৰ থানাত ৰুজু হোৱা কেইবাটাও গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পৰা দুটা ম'বাইল ফোন আৰু এটা লেপটপ আৰক্ষীয়ে জব্দ কৰিছে। ...