September 7, 2024 9:11 PM

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ'ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি নতুন দিল্লীত কয় যে, পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ পৰস্পৰৰ বিৰোধী। পূৰ্বতে দিল্লীত মিত্রতা স্থাপন কৰা কংগ্ৰেছ আৰু আম আদমী পাটীৰ মাজত দেখা দিয়া অনিশ্চয়তাই দল দুটাৰ হতাশাকে প্রতিফলিত কৰিছে বুলি ম...

July 15, 2024 12:29 PM

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু মহম্মদ জাৱেদক হুইপ হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত শ্রীমতী গান্ধীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গগৈক শুভেচ্ছা জনাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চ...

July 6, 2024 8:16 PM

আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধী অংশগ্ৰহণ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰি তেওঁৰ দলে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। এদিনীয়া ভ্রমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰে। আমাৰ সংবাদদাতাই জনায় যে সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া হিন্দুবিৰোধী মন্তব্যক কেন্দ্ৰ কৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বি...

July 6, 2024 5:35 PM

আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ৫ গৰাকী কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ লোকসকলকো লগ ধৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘৰ...

July 2, 2024 8:39 PM

ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী

বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহু ভুল বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে গান্ধী কিছু বক্তব্য তথ্যগতভাৱে ভুল আৰু বিপথে পৰিচালিত কৰাৰ প্ৰকৃতিৰ। সেয়েহে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ ইপিনে, ৰাহুল গান্ধ...

June 14, 2024 8:15 PM

NEET বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই চৰকাৰক তীব্র সমালোচনা

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি NEET বিষয়ত চৰকাৰক তীব্র সমালোচনা কৰে। NEET পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অপব্যৱহাৰ কৰি নম্বৰ আৰু বেংকত ব্যাপক খেলিমেলি সংঘটিত কৰিছে। শ্ৰী খাৰ্গেই এটা টুইটযোগে চৰকাৰৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে ২৪ লাখ ছাত্ৰ-ছাত্ৰীৰ আশা-আকাংক্ষাক চূৰ্ণ কৰি পেলাইছে।

June 8, 2024 2:45 PM

দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

নতুন দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি দলীয় নেতাসকল উপস্থিত আছে। শেহতীয়া লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনক লৈ আলোচনা কৰাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। ৱাৰ্কিং কমিটিৰ বৈঠকৰ পাছত আজি সন্ধিয়া কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব। দলৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদসকলৰ লগতে ৰাজ্যসভাৰ সাংসদসকলো এই বৈঠকত উপস্থিত থাকিব।

June 8, 2024 1:59 PM

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেইগৰাকীৰ বিজয়ত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিনন্দন জ্ঞাপন কৰে। ভাষণ প্ৰসংগত শ্ৰী বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে...

June 7, 2024 7:12 PM

দিল্লী বিধানসভা নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত আম আদমী পাৰ্টীৰ

আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট অকল লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা হৈছিল। তেওঁ কয় যে, আম আদমী পার্টিয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল কিন্তু দলটোৱে দিল্লী বিধানসভা নিৰ্বাচনত দলটোৰ সৈতে মিত্ৰতা নকৰে।

June 4, 2024 9:23 PM

নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী

কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। কাইলৈ হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ বৈঠকত নির্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি শ্ৰী গান্ধীয়ে কয়। সংবাদমেলত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্রসূ হৈছে বুলি তেওঁ...