July 18, 2024 9:02 PM

বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত

কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক'ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক'লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা প্রকাশ কৰিছে।

July 4, 2024 12:51 PM

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি

দেশত জুনত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰালয়ে প্রকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮ দশমিক ৮-৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহৰ কয়লা উৎপাদন ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫. ৪-৯ শতাংশ অধিক ।