May 30, 2024 2:33 PM

ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি শেহতীয়া ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, এ পি ডি চি এল কর্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ-দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ তথা ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং যোগে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক ক্ষতিগ্রস্ত পৰিয়ালক যাৱতীয় সাহায্য প্ৰদানৰ লগতে উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি কুৰি বান্ধৰ পানী এৰাৰ সন্দৰ্ভত ভূটানৰ সৈতে ...

May 28, 2024 5:59 PM

views 1

ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা ১ জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ হ'বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ'ৰেনৰ সমৰ্থনত অনুষ্ঠিত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি...

May 28, 2024 4:46 PM

ধুমুহা-বৰষুণ আৰু ভূমিস্খলনত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

সম্প্ৰতি নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে ওড়িশাত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মূল্যায়নৰ অৰ্থে মুখ্য সচিবৰ সৈতে কথা পাতে আৰু সাহায্য, পুনৰবাসন তথা সতৰ্কতামূলক ব্যৱস্থাসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ড° শৰ্মাই লগতে ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত দুজন লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।

May 25, 2024 6:11 PM

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই · ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ২,১৬৬ কোটি টকাতকৈও অধিক নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে।

May 4, 2024 11:55 AM

ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নামনি অসমত এখন নির্বাচনী ৰেলীত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই পট্টা প্ৰদানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে বন্ধ হৈ থকা আধাৰ কাৰ্ড খুলি দিব বুলিও প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্রীয়ে কলেজত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া কৰি দিয়াৰ উপৰি নিবনুৱাক ব্যৱসায় কৰিবলৈ ২ লাখ টকা ঋণ দিয়া হ'ব বুলিও প্রতিশ্রুতি দিয়ে।

April 3, 2024 6:32 PM

কৃপানাথ মল্লাৰ হৈ কৰিমগঞ্জত মুখ্যমন্ত্রীৰ প্ৰচাৰ

◊ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্রজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্রিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈকে সকলোকে আহ্বান জনায়। আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমর্থনত আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভা...

April 3, 2024 12:59 PM

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহত ঘোষণা কৰা হয়। কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱ...

April 2, 2024 7:47 PM

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বিজয় সংকল্প যাত্ৰাত অংশ লয়। এই সভাত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিটিআৰৰ মুৰববী প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে। https://x.com/himantabiswa/status/1775081200681427404?s=20 মুখ্য...

April 2, 2024 11:46 AM

অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

◊ ৰাজ্যত ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানে সম্প্ৰতি গতি লাভ কৰিছে। মুখ্যমন্ত্রীসহ শাসকীয় পক্ষই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিজ নিজ প্রার্থীৰ সমৰ্থনত ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বৰপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কাজিৰঙা সমষ্টিৰ বিজেপি প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাব। এই সভাত বিজেপি প্রার্থীগৰাকীৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস...

April 1, 2024 1:07 PM

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...