April 20, 2024 12:13 PM

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল'ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ শর্মাই হাইলাকান্দিতো এটা ৰোড শ্ব’ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছকে ধৰি আন আন দলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

April 1, 2024 7:24 PM

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ চাইকেল চলাই নির্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত...

April 1, 2024 1:07 PM

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পলৈ জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বড়ো সকলৰ ১৩ বিধ বস্ত্ৰ আৰু বাদ্যয়ো জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে- দখনা, চিফুং, এৰী কাপোৰ, জৌমগ্রা, বাড়ো গামচা, কোডাপিনি, ...