July 10, 2024 6:29 PM
জনতা ভৱনত স্কুটী বিতৰণ কাৰ্যসূচীৰ নিৰ্দেশনাৱলী সম্পৰ্কত পর্যালোচনা বৈঠক
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ড° বাণীকান্ত কাকতি মেধা বঁটা, ২০২৪-ৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচীৰ নিৰ্দেশনাৱলী পর্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ লাভ কৰা ছাত্ৰসকলক ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰিব। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চশিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃদ্ধিৰ বাবে পদক্ষেপ ল'বলৈও সংশ্লিষ্ট বিষয়াবৰ্গক নির্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উ...