September 26, 2024 10:47 AM
অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিনিধিৰে মুখ্যমন্ত্ৰীৰ আলোচনা
অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া পৰামৰ্শৱলী ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আৰু তাৰে ৰাজ্য চৰকাৰৰ অধীনত থকা ৪০টা পৰামৰ্শ ৰূপায়ণৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্রতিনিধি দলৰ মাজত হোৱা আলোচনাত এই মন্তব্য কৰে। লগতে প্রতিবেদনখনৰ আন ১২টা পৰামৰ্শ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্রচেষ্টাৰে ৰূপায়ণ কৰা হ'ব তথা বাকী থকা ১৫টা সম্প...