September 6, 2024 6:13 PM

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 6, 2024 6:15 PM

views 1

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয় প্ৰাংগনত পতাকা উত্তোলন কৰিব। একেটা নিৰ্দেশনাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১৯ খন জিলা আয়ুক্তৰ সালসলনিৰ নিৰ্দেশনাতো স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন নিৰ্দেশনাসমূহ অনুসৰি ১৪ ছেপ্তেম্বৰত কৰম পূজা উপল...