September 8, 2024 11:55 AM

চিৰাং জিলাৰ বিজনীত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ'ব । ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, সমবেত সংগীত, আই সকলৰ নাম, সম্বৰ্ধনা অনুষ্ঠান, ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ সভাৰো আয়োজন কৰিছে। স্মৃতিচাৰণ সভাত ...

September 7, 2024 12:52 PM

দুদিনীয়া কাৰ্যসূচীৰে চিৰাঙত তৃতীয় কমতা মিউজিক ফেষ্টিভেল আৰম্ভ

কমতাপুৰ কোচ ৰাজবংশী আৰ্টিষ্ট ছ'ছাইটিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে চিৰাঙৰ বাসুগাঁও হেকৈপাৰাত তৃতীয় কমতা মিউজিক ফেষ্টিভেল আৰম্ভ হ'ব। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে পুৱা পতাকা উত্তোলনেৰে এই মহোৎসৱ মুকলি কৰিব। ইয়াৰ পাছতে কোচ ৰাজবংশী লোকনৃত্য, প্রতিনিধি সভা আদি অনুষ্ঠিত হ'ব। বিয়লি ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰীয়ে মঞ্চ উদ্বোধন কৰাৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব।