July 7, 2024 8:35 PM

ছত্তিশগড়ৰ সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ

ছত্তিশগড় নিৰাপত্তা বাহিনীয়ে চলোৱা এটা তালাচী অভিযানত সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীৰ দলটোৱে মাওবাদী কেইজনৰ পৰা দুটা বি জি এল চেল, ৯টা ডিটনেটৰ, এটা টিফিন বোমাৰ লগতে অন্যান্য সামগ্রী জব্দ কৰে ।

June 23, 2024 8:21 PM

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিয়লি প্রায় ৩ বজাত নিৰাপত্তা বাহিনীৰ জোৱানসকলে ছিলগাৰৰ পৰা টেকলাগুদাম শিবিৰলৈ আগুৱাই যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাষ্টাৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিটোত ২০১ কোব্ৰা বেটেলিয়নৰ জোৱানসকলে মটৰচাইকেল আৰু ট্রাকেৰে গৈ থকা অৱস্থাত বোমাটো বিস্ফোৰণ হয়। ঘটনাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

June 8, 2024 1:33 PM

চত্তিশগড়ৰ বাস্তৰ জিলাত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত

চত্তিশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত হয়। নিহত নক্সালবাদীকেইটাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াই জনোৱা মতে, নাৰায়ণপুৰ আৰু ধনতেৱাৰা জিলাৰ সীমান্ত অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। গোৱেলৰ জংঘলত নক্সালবাদী কেইটা লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছতেই জিলা সংৰক্ষিত বাহিনী আৰু ভাৰত তিববত সীমা আৰক্ষী ITBP য়ে যুটীয়াভাৱে অভিযান চলায়। অভিযানৰ সময়ত গোৱেল জংঘলত সংঘটিত গুলীয়াগুলীৰ ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ তিনিজন জোৱান আহত হয়। জানিব পৰা মতে অঞ্চলটোত এতিয...

May 31, 2024 11:54 AM

ছত্তীশগড়ত বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা ১৬জন মাওবাদীক গ্ৰেপ্তাৰ

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা ১৬জন মাওবাদীক গ্ৰেপ্তাৰ কৰিছে। বিজাপুৰ থানা এলেকাৰ অন্তৰ্গত গোনা পডিয়াৰপাৰা অঞ্চলৰ পৰা ১১জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে, উছুৰ থানা এলেকাৰ অন্তৰ্গত ভূছাপুৰ অঞ্চলৰ পৰা ৫জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰা মতে, ধৃত মাওবাদী কেইজন আই ই ডি বিস্ফোৰণ আৰু অঞ্চলটোত নিৰাপত্তা বাহিনীৰ চলাচল ৰোধৰ বাবে পথ খন্দা কাণ্ডৰ সৈতে জড়িত আছিল।

May 5, 2024 8:26 PM

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত  ৩৫ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ আগত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী মাওবাদীসকল ভৈৰামগড় আৰু কাটেকল্যান এলেকাত সক্ৰিয় আছিল বুলি জানিব পৰা গৈছে। তদুপৰি পথ অবৰোধকে ধৰি বহু নক্সালবাদী কাৰ্যকলাপটো এই মাওবাদীসকল জড়িত...

April 2, 2024 7:21 PM

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।