September 12, 2024 1:53 PM

হাংগেৰীৰ বুডাপেষ্টত ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ বুডাপেষ্টত কালি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্রতিযোগিতাৰ মুকলি শাখাত ভাৰতে ৪-০ ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে ৩.৫৫ ফলাফলেৰে আধিপত্য বিস্তাৰ কৰিছে। মুকলি শাখাত আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ তিছিৰ মহম্মদক পৰাস্ত কৰি ভাৰতক অগ্রগতি প্ৰদান কৰে। ইয়াৰ কিছু সময়ৰ পাছতে বিদিত গুজৰাথীয়ে অউখিৰ মেহদি পেৰীক আৰু পেন্টালা হৰিকৃষ্ণই মোৱায়াদ আনাছক পৰাস্ত কৰে। চতুৰ্থখন খেলত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ অৰ্জুন এৰিগাইচিয়ে এলবিলিয়া জেইক্সৰ বিৰুদ্ধে বিজয়...

September 3, 2024 5:46 PM

সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন

গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শ‍ইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল'ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপে দ্বিতীয়, জগজিৎ সিন্হাই তৃতীয় আৰু নিহাদ ইছলাম হাজৰিকাই চতুৰ্থ স্থান দখল কৰে। ছোৱালীৰ জুনিয়ৰ শাখাত আফচিন আফচা জামান আৰু হৃদিকা দাসে ক্ৰমে আৰু দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। দৰং মহাবিদ্যা...

July 15, 2024 12:42 PM

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্...

June 18, 2024 8:12 PM

ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাছিৰ ষ্টেপান অৱজ্ঞান স্মাৰক ২০২৪ ডবা প্রতিযোগিতাৰ খিতাপ

ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাছিয়ে এটা ৰাউণ্ড খেলিবলৈ বাকী থকা অৱস্থাতে আৰমেনিয়াৰ জেৰমুকত অনুষ্ঠিত ষ্টেপান অৱজ্ঞান স্মাৰক ২০২৪ ডবা প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। তেলেংগানাৰ ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ ভ'ল'ডাৰ মাৰ্জিনক পৰাস্ত কৰে।

May 30, 2024 12:59 PM

নৰৱেত অনুষ্ঠিত দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দা ক্লাছিকেল ইভেণ্টত মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে জয়ী

♦ নৰৱেত অনুষ্ঠিত এখন দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰাজ্ঞানন্দাই ক্লাছিকেল ইভেণ্টত প্ৰথমবাৰৰ বাবে মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ১৮ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে নৰৱে দবা প্রতিযোগীতা ২০২৪ৰ তৃতীয় ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈগৰাকীক পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে প্রাগ্যনানন্দাই ৫.৫ পইণ্টেৰে প্ৰতিযোগীতাত অগ্রগতি লাভ কৰিছে।