September 15, 2024 6:58 PM
বুডাপেষ্টৰ ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত ভাৰতীয় দলৰ বিজয়ধাৰা অক্ষুণ্ণ
বুডাপেষ্টত অনুষ্ঠিত ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত কালি চতুৰ্থ ৰাউণ্ডৰ মুকলি আৰু মহিলা দুয়োটা শাখাতে ভাৰতীয় দলটোৱে ৩.৫ আৰু ০.৫ ফলাফলত বিজয় সাব্যস্ত কৰে। মুকলি শাখাত ভাৰতীয় দলটোৱে ছাৰবিয়াক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় মহিলা দলে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰে। খেলখনৰ আজি পঞ্চম ৰাউণ্ডত মহিলা দলটো কাজাখস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মুকলি শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটো আজাৰবাইজানৰ মুখামুখি হ'ব।