April 21, 2024 8:34 PM

চত্তিশগড়ৰ বাস্তাৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত

চত্তিশগড়ৰ বাস্তাৰ জিলাত আজি হোৱা এটা বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত হয়। ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক। এই জোৱানকেইজন চত্তিশগড়ৰ বাস্তাৰত নিৰ্বাচনী কর্তব্য সমাপন কৰাৰ উদ্দেশ্যে বাছেৰে গৈ থকা অৱস্থাত দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, আজি নিচেই পুৱা আন এখন বাহনক ৰক্ষা কৰিবলৈ গৈ জোৱানকেইগৰাকী ভ্ৰমণ কৰা বাছখন লুটি খাই পৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মধ্য প্ৰদেশৰ দ্বিতীয় বেটেলিয়নৰ জোৱানকেইগৰাকীয়ে প্ৰথম পৰ্য্যায়ৰ নির্বাচনী কর্তব্য সম্পন্ন কৰি দ্বিতীয় পৰ্য্যায়ৰ নি...

April 10, 2024 11:55 AM

ছত্তিশগড়ৰ পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২গৰাকী লোক নিহত, ১৫গৰাকী আহত

ছত্তিশগড়ত কালি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ১৫ জন আহত হয়। আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কুম্‌হাৰীৰ এটা ব্যক্তিগত কোম্পানীৰ ভাটিখানাৰ কৰ্মচাৰীসকল বাছেৰে কামৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত এই অঘটনটো ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই খাপ্পী গাঁৱৰ সমীপত এটা খনিৰ গাঁতত বাছখন বাগৰি পৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষীৰ দলে খবৰ পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ৰায়পুৰৰ বিভিন্...