September 3, 2024 8:08 PM

চত্তিশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৯ জন মাওবাদী নিহত

চত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলৰ দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমামুৰীয়া এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯ জন মাওবাদী নিহত হয়। এনদ্ৰি গাঁওৰ সমীপৰ এলেকাটোত ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফ আৰু জিলা সংৰক্ষিত বাহিনীৰ ডিজিআৰৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সংঘৰ্ষস্থলীৰ পৰা এটা এছ এল আৰ ৰাইফল আৰু দুটা অন্য ৰাইফল উদ্ধাৰ কৰা হৈছে। আ...

April 6, 2024 4:50 PM

চট্টীশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু

তেলেংগানাৰ সীমান্তৱৰ্তী চট্টিছগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজৰী কানকেড় অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলীৰ বিনিময় হয়। এটা সূত্ৰৰ পৰা খবৰ পাই অৰণ্যখনত সুৰক্ষী বাহিনীয়ে অভিযান চলাইছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে ৪৭, এটা এল এম জি আৰু এটা টুৱেল্ভ ব'ৰৰ বন্দুক উদ্ধাৰ কৰে । নিহত মাওবাদীকেইজনৰ এজনক সন্তোষ ওৰফে সাগৰ বুল...