August 18, 2024 7:57 PM

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভত অৰিহণা যোগোৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক আজি মৈদাম প্ৰাঙ্গনত সম্বৰ্ধনা জনোৱা হয়। স্বৰ্গদেউসকলৰ স্মৃতি তর্পন সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আয়োজিত এই সভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। এই সভাত প্রত্নতত্ব বিভাগৰ শীৰ্ষ বিষয়া, সাংস্কৃতিক বিশেষজ্ঞ, মৈদাম সংৰক্ষণৰ দায়িত্বত থকা বহু লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

July 27, 2024 12:09 PM

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা ইউনেস্ক’ৰ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক'ৱে কালি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত ৯০ গৰাকীতকৈও অধিক আহোম ৰাজ পৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে। চৰাইদেউ মৈদাম ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ত...