September 13, 2024 5:46 PM

ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখনে নিয়োগৰ পৰা ১২ বছৰলৈকে ই-বাছৰ পৰিচাল...

September 9, 2024 8:13 PM

এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এম পক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এম পক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই বিষয়ে নিৰ্দেশনা জাৰি কৰে। এই পৰামৰ্শত মন্ত্ৰ্যালয়ে এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে ঘটনা চিনাক্ত হোৱা মাত্রেই অৱগত কৰি ...

August 30, 2024 7:35 PM

চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টি বাধাগ্রস্ত লোকৰ অংশগ্রহণ নিশ্চিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰ একোখনত শ্ৰৱণ বাধাগ্ৰস্তসকলৰ বাবে সাংকেতিক ভাষা আৰু দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে ধাৰা বিৱৰণীৰ ব্যৱস্থা কৰিব লাগিব। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ-পত্ৰ বোৰ্ডৰ আঞ্চলি...

August 20, 2024 6:52 PM

২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ’ডবেণ্ড সেৱাৰ গ্ৰাহক সংযুক্ত

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ কোটি ৩০ লাখ ইণ্টাৰনেট গ্রাহক আৰু ৭ কোটি ৭০ লাখ ব্ৰ'ডবেণ্ড   সেৱাৰ গ্ৰাহক সংযুক্ত হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ মতে এই সময়ছোৱাত ৮৮ কোটিৰ পৰা ৯৫ কোটিৰো অধিক গ্ৰাহকে ইণ্টাৰনেটৰ সেৱা লাভ কৰিছে। এই বিত্তীয় বৰ্ষত ভাৰতীয় টেলিকম খণ্ডতো উল্লেখযোগ্য উন্নয়ন হৈছে। ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি দেশত টেলিফোন গ্ৰাহকৰ সংখ্যা যোৱা বছৰৰ মাৰ্চ মাহৰ শেষৰ পৰা এই বৰ্ষৰ মাৰ্চ মাহৰ শেষলৈ ১১৭ কোটিৰ পৰা ১২০ কোটিলৈ বৃদ্ধি হৈছে।

August 13, 2024 3:15 PM

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আহিলা স্থাপন কৰিব

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আৰু সংকেত গ্ৰহণ কৰিব পৰা বৈদ্যুতিক আঁহিলা স্থাপন কৰিব। নতুন দিল্লীত অনুষ্ঠিত মীন খণ্ডত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কীয় আলোচনাচক্ৰত ভাগ লৈ কেন্দ্ৰীয় মীন ৰাজ্যিক মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কৈছে যে যদি কোনো মাছমৰীয়াই সামুদ্রিক সীমা অতিক্ৰম কৰে, তেন্তে এই বৈদ্যুতিক আঁহিলাসমূহে সতর্কতা জাৰি কৰিব। উল্লখযোগ্য যে দেশৰ অর্থনীতিত মীন খণ্ডই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। শ্রী সিঙে ...

August 12, 2024 7:57 PM

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰী

কেন্দ্ৰীয় চৰকাৰে আজি প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত আদৰ্শ সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰী কৰিছে। নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, এই আঁচনিৰ অধীনত দেশজুৰি প্ৰতিখন জিলাতে এখনকৈ আদর্শ সৌৰ গাঁও গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত মুঠ ৮০০ কোটি টকাৰ ব্যয় ধাৰ্য্য কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি, এই আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ এখন গাঁও ৫ হাজাৰতকৈ অধিক জনসংখ্যাৰ ৰাজহ গাঁও অথবা বিশ...

July 11, 2024 11:52 AM

কেন্দ্ৰীয় চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ হকে প্রয়াস চলাই আছে

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি যাব। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। স্বাস্থ্য মন্ত্রালয়ে কৈছে যে অনুমোদিত ১৫৭খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১০৮খন ইতিমধ্যে কার্যক্ষম হৈ উঠিছে। অনুমোদিত মহাবিদ্যালয়সমূহৰ ভিতৰত ৪০খন অভিলাষী জিলাত অৱস্থিত। মন্ত্ৰালয়ে কৈছে যে ২০১৪ চনত জি...

June 18, 2024 5:11 PM

গ্ৰাম্য জীৱনক পৰিৱৰ্তন তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ প্ৰস্তাৱ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য জীৱনক পৰিৱৰ্তন কৰিবলৈ তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে। টেলিকমিউনিকেচনৰ সামগ্ৰী আৰু সমাধানৰ প্রযুক্তি ডিজাইন, বিকাশ আৰু বাণিজ্যিকীকৰণৰ সৈতে জড়িত উদ্যোগ, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টার্টআপ, শৈক্ষিক প্ৰতিষ্ঠান তথা চৰকাৰী বিভাগসমূহক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। 5G বুদ্ধিমত্তা সম্পন্ন গাঁও পদক্ষেপে গ্রাম্য সমাজক উন্নীত কৰিবলৈ 5G প্রযুক্তিৰ পৰিৱৰ্তনশীল শক্ত...