September 2, 2024 8:19 PM

কৃষকসকলৰ বাবে ১৩,৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৩ হাজাৰ ৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি ২ হেজাৰ ৮১৭ কোটি টকা ব্যয় সাপেক্ষ ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, কৃষকসকলৰ জীৱন উন্নত কৰাৰ উদ্দেশ্যে কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তগাঠনিৰ আৰ্হিতে ডিজিটেল কৃষি অভিযান বিকশা...

August 10, 2024 1:25 PM

নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পর্যায়ত অনুমোদন জনাইছে। কেবিনেটে লগতে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ৰূপায়ণত অনুমোদন দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱানিশা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি নতুন বাসগৃহ নিৰ্মাণ কৰা হ'ব। ইয়াৰে ভিতৰত ২ কোটি বাসগৃহ গ্রাম্যঞ্চলত আৰু ১ কোটি বাসগৃহ নগৰ অঞ্চলত নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই আঁচনিখনৰ...