August 25, 2024 11:07 AM

চৰকাৰী কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি ইউনিফাইড পেন্সন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্ৰদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, একীকৃত পেন্সন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে আগবঢ়োৱা হ'ব। তদুপৰি এই আঁচনিত কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে ৬০ শতাংশ পেন্সনৰ নিশ্চিতি প্ৰদান কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰ...

August 9, 2024 8:14 PM

মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰ লোককল্যাণ ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শর্মাই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত কয় যে বিটিআৰত নতুনকৈ ১৬খন গাওঁ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে বিটিআৰত ৪০খনতকৈও অধিক গাওঁ অন্তর্ভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা বছৰে চৰকাৰে বিটিআৰত নতুনকৈ ৬০খন গাওঁ অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছিল। আজি কেবিনেট বৈঠকতে গণিতৰ স্নাতক শিক্ষক নামেৰে এটা নতুন পদ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহ...