May 23, 2024 8:48 PM
আজি বুদ্ধ পূর্ণিমা, দেশবাসীক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ওলগ
দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান বুদ্ধৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বুদ্ধ পূর্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাত কয় যে ভগৱান গৌতম বুদ্ধই মানৱ জাতি আৰু সকলো জীৱৰ প্ৰতি সত্য, অহিংসা, সম্প্রীতি আৰু মৰম ভালপোৱাৰ বাৰ্তা দি থৈ গৈছে। তেওঁ কয় যে ভগৱান বুদ্ধ সহিষ্ণুতা, আত্মসজাগতা আৰু সুআচৰণৰ শিকনিসমূহে সকলোকে মানৱ জাতিৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ ব...