September 13, 2024 12:03 PM

বি টি আৰৰ কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ আৰু অসম সাহিত্য সভা ভৱন উন্নয়নৰ বাবে ১ কোটি টকাৰ অনুদান ঘোষণা

কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ আৰু অসম সাহিত্য সভা ভৱনৰ উন্নয়নৰ বাবে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ১ কোটি টকাৰ অনুদান ঘোষণা কৰে। কালি সন্ধিয়া কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অৱস্থিত কোকৰাঝাৰ নামঘৰত চলি থকা ভাদমহীয়া নাম উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি বড়োৱে এই ঘোষণা কৰে। তেওঁৰ সৈতে কোকৰাঝাৰৰ বিধায়ক নৰেন্স ইছলাৰী, বি-টি-আবব ই এম নিলুত স্বর্গীয়াৰী, এম চি এন এ মাধৱ চেত্ৰী আৰু ইউ পি পি এনৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাবী উপস্থিত থাকে।

June 28, 2024 6:19 PM

নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ-ইষ্টার্ন ডেভলপমেণ্ট কৰ্পৰেচনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বি টি আৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, স্থানীয় বিধায়ক জলেন দৈমাৰী, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ এই বৈঠকত কাঠফুলা, সৰিয়হ, ষ্ট্ৰবেৰীকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ কৃষি কাৰ্যৰ লগতে মৌ পালন তথা গাহৰি পালনকে আদি কৰি বিভিন্ন...

June 27, 2024 7:38 PM

ওদালগুৰিৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কামৰ শুভাৰম্ভ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ

ওদালগুৰি জিলাৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কাম আজি বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে শুভাৰম্ভ কৰে। বি টি আৰৰ পাঁচনৈ, চেৰফাং আৰু ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে এই আঁচনিসমূহ সদস্যগৰাকীয়ে শুভাৰম্ভ কৰিছে। তেওঁ হাদাংগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত এই উপলক্ষে আয়োজিত এখন সভাতো অংশগ্ৰহণ কৰে।

June 18, 2024 6:44 PM

views 1

বিটিআৰত দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ

বিটিআৰত আজি দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ হৈছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে প্ৰথম দিনাৰ অধিৱেশনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰায় ২ হাজাৰ ২০০ কোটি টকাৰ বাজেট দাখিল কৰে।

June 16, 2024 1:10 PM

views 1

বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ গ্ৰীণ বড়োলেণ্ড মিছন আঁচনি মুকলি

বি টি আৰ এলেকা সেউজীয়া কৰাৰ লক্ষ্যৰে কালি বিটিচি সচিবালয়ৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে গ্ৰীণ বড়োলেণ্ড মিছন নামেৰে এখন আঁচনি মুকলি কৰে। বড়োলেণ্ড এলেকাত থকা ৩৪ শতাংশ বনাঞ্চলৰ পৰা ধবংস হোৱা ১৪ শতাংশ বনাঞ্চলৰ পুনৰ সেউজকৰণৰ লগতে এই আঁচনিৰ জৰিয়তে বড়োলেণ্ডৰ বিস্তীর্ণ অঞ্চলত গছপুলি ৰোপণ আৰু ১০০ বৰ্গ কিলোমিটাৰ এলেকাক বনাঞ্চল হিচাপে ঘোষণা কৰা হ'ব। অহা তিনি বছৰৰ ভিতৰত বি টি আৰত এবাৰ ব্যৱহৃত প্লাষ্টিক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰি বিটিচিৰ মুখ্য...

April 22, 2024 8:33 PM

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিৰ সমর্থন

বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিয়ে সমর্থন আগবঢ়াইছে। আজি কোকৰাঝাৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, নিখিল ৰাভা ছাত্ৰসন্থা, সদৌ অসম ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ বিষয়- ববীয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ৰাভা গণমঞ্চ সমন্বয় সমিতিয়ে এই কথা প্ৰকাশ কৰিছে। বৈঠকত বি টি আৰ প্ৰধানগৰাকীয়ে বিটিআৰত বসবাস কৰা ৰাভাসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্রদান কৰে। বিটিআৰ প্ৰধানগৰাকীৰ আশ্বাস আৰু...

April 4, 2024 9:01 PM

মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা

♦ বিটিচি প্ৰশাসনৰ মীন বিভাগে মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বিটিআৰত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে আজি তামুলপুৰ জিলা প্রশাসনেও জিলাখনত এই নিষেধাজ্ঞা জাৰি কৰে। তামুলপুৰ জিলা আয়ুক্তই প্রকাশ কৰা মতে জিলাখনত আঢ়ৈ বৰ্গ ইঞ্চিতকৈ কম ব্যাসাৰ্ধৰ যিকোনো জালৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে কণী থকা মাছ ধৰাৰ ক্ষেত্ৰতো প্রতিবন্ধকতা আৰোপ কৰা হৈছে।

April 1, 2024 6:50 PM

লোকসভা নির্বাচন সন্দৰ্ভত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৰ সংবাদমেল

তামুলপুৰৰ সৌৰাগুৰিস্থিত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৱে সমাগত লোকসভা নির্বাচন সন্দৰ্ভত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, তেওঁলোকৰ শাসনকালত অসম তথা বি টি আৰৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে হত্যা, হিংসা আৰু বৃহৎ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল। সংবাদমেলত তেওঁ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ জয় নিশ্চিত হোৱাৰ কথাও উল্লেখ কৰে। ইফালে বাক্সা জিলাৰ শালবাৰীত আজি বি টি আৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে এন ডি এৰ ১...