May 7, 2024 9:01 PM

সীমান্ত পথ সংস্থা বি আৰ অ’ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

সীমান্ত পথ সংস্থা বি আৰ অ'ৰ আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেয়ে সংস্থাটোক প্ৰতিকূল বতৰৰ পৰিস্থিতি নেওচি তথা দুর্গম অঞ্চলতো সফলভাৱে সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে। বি আৰ অ'ৰ এটা অতি গুৰুত্বপূৰ্ণ সংস্থা হিচাপে অভিহিত কৰি বি আৰ অ'য়ে দুর্গম অঞ্চলসমূহৰ আর্থসামাজিক প্রগতি সুনিশ্চিত কৰাৰ উপৰি দেশৰ নিৰাপত্তা খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। তেওঁ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবেও সংস্থাটোক প্ৰশংসা কৰে। মানৱী...

May 4, 2024 6:06 PM

সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে স্বস্তিক প্রকল্পৰ কাৰ্যসূচী গ্ৰহণ

সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি স্বস্তিক প্রকল্পই কেতবোৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে সংস্থাটোৰ বিভিন্ন কাম-কাজৰ উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ ছিকিমৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশত স্বস্তিক প্রকল্পই বাইক সমদলৰ আয়োজন কৰে। এই সমদলে ৰাংমা ৰেঞ্জৰ লাচেন, জিমা, ডনখাইলাপাছ আৰু লাচুং হৈ পুনৰ আৰম্ভণিৰ স্থানলৈ ঘূৰি আহে। লাচেনৰ পাইপেনে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। বাইক আৰোহীসকলক লাচেন, থাংগু, শিৱমন্দিৰ, লাচুং আদি ঠাইত স্থানীয় লোক আৰু প্ৰশাসন...