August 21, 2024 12:27 PM

বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ প্রশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্রীসিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সঞ্চালকপ্ৰধান...

August 16, 2024 1:18 PM

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত উগ্ৰপন্থী সংগঠনৰ বোমা সংস্থাপন

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কার্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক আহ্বান জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমে বহু বছৰৰ মূৰত বৰ্তমান উন্নয়নৰ পথত অগ্ৰসৰ হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যত সুস্থ বিনিয়োগৰ পৰিৱেশ বর্তাই ৰখাটো অত্যন্ত জৰুৰী। মুখ্যমন্ত্রীয়ে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ সংগঠনটোক আহ্...