September 17, 2024 12:37 PM

২০২৪ বৰ্ষৰ বুকাৰ বঁটাৰ বাবে মনোনীত প্রার্থীসকলৰ নাম ঘোষণা

২০২৪ বৰ্ষৰ বুকাৰ বঁটাৰ বাবে মনোনীত প্রার্থীসকলৰ নাম ঘোষণা কৰা হৈছে। এই তালিকাত প্রাক্তন বঁটা বিজয়ী মহিলা এন্নে মাইকেলছ, আমেৰিকাৰ লেখিকা পাৰ্চিভাল এভাবেট আৰু ব্ৰিটিছ লেখিকা ছামান্থা হার্ভিৰ নাম প্রকাশ পাইছে। ৬ জন মনোনীত প্রার্থীৰ ভিতৰত ৫ গৰাকী মহিলা লেখিকাই এই বঁটাৰ ৫৫ বছৰীয়া ইতিহাসত সৰ্বাধিক মহিলা নিৰ্বাচিত হৈ প্ৰতিনিধিত্ব কৰিছে। হেল্ড নামৰ কিতাপখনৰ বাবে কানাডাৰ এনে মাইকেলছ, ষ্টোন য়ার্ড ডিভ'চনেলৰ বাবে অষ্ট্ৰেলিয়াৰ চাৰ্লট উড আৰু দা ছেফ কিপৰ বাবে নেডাৰলেণ্ডছৰ য়েন ভান ডেৰ উডেনৰ নাম এই তালিকাত ...

May 24, 2024 11:38 AM

জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনলৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে। লণ্ডনত মঙলবাৰে আয়োজিত এটা অনুষ্ঠানত এই বঁটা ঘোষণা কৰা হয়। জেনী এৰ্পেনবেকলৈ তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক উপন্যাস কাইৰছৰ বাবে এইবাৰৰ বুকাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে, একেখন উপন্যাসৰ জাৰ্মানী অনুবাদৰ বাবে মাইকেল হফমেনেও বুকাৰ জিনিবলৈ সমৰ্থ হৈছে। সেই অনুসৰি বঁটাটোৰ সৈতে আগবঢ়োৱা মুঠ ৫৩ লাখ টকা দুয়োৰে মাজত সমানে ভগাই দিয়া হ'ব। উল্লেখযোগ্য যে বুকাৰৰ দৰে সন্মান লাভ কৰা এৰ্পেনবেক হৈছে জাৰ্মানী...