June 30, 2024 6:43 PM
দিল্লীত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ “বিক্ৰেতাবিহীন বজাৰ”ৰ দ্বিতীয় আৰু “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি”ৰ চতুৰ্থ সংস্কৰণ উন্মোচন
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজৰীয়ে আজি দিল্লীৰ অসম মিডিয়া চেণ্টাৰত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ "বিক্ৰেতাবিহীন বজাৰ"ৰ দ্বিতীয় আৰু "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ চতুৰ্থ সংস্কৰণ উন্মোচন কৰে । এই অনুষ্ঠানতে "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ হিন্দী সংস্কৰণ "দ্ৰুকনন্দিনী" চলিত বৰ্ষৰ ডিচেম্বৰত বজাৰত উপলব্ধ হ'ব বুলি লিখক গৰাকীয়ে জানিবলৈ দিয়ে। উন্মোচনী অনুষ্ঠানত উৎপল বৰপূজৰীৰ লগতে জ্যেষ্ঠ সাংবাদিক কল্লোল ভৌমিক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাৰ্তা সম্পাদক মানস প্ৰতীম শৰ্মাও উপস্থিত থাকে...