September 11, 2024 6:34 PM
বড়োলেণ্ডত শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্রমোদ বড়োৰ মত প্ৰকাশ
বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্রমোদ বড়োৱে সমগ্ৰ এলেকাটোৰ শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে। ২০২০ চনত পৰিষদীয় এলেকাৰ শাসনৰ দায়িত্বত অহাৰ পাছত তেওঁৰ চৰকাৰে শান্ত, সেউজ আৰু স্মাৰ্ট বি টি আৰ গঠনৰ উদ্দেশ্যে ভালেমান নীতি নির্ধাৰণ কৰি পৰিকল্পনা গ্রহণ কৰিছিল। অঞ্চলটোত প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ জৰিয়তে অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ যোগেদি ৩৫ খন ধ্বজাবাহী আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকা...