September 3, 2024 7:04 PM

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদস্যপদ নবীকৰণ কৰি অসমতো এই অভিযানৰ আৰম্ভণি কৰে

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি সদস্যপদ নবীকৰণ কৰি অসমত এই অভিযানৰ আৰম্ভণি কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্যভর্তি অভিযান, ২০২৪-ৰ আহ্বায়ক পল্লৱলোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্যপদ গ্রহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি ৫ শতাধিক কার্য...

September 2, 2024 9:00 AM

আজিৰে পৰা আৰম্ভ বিজেপিৰ সদস্যতা ভর্তি অভিযান

■ বিজেপিৰ সদস্যতা ভর্তি অভিযান আজিৰে পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। বৰ্তমানৰ দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নবীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি ৫ৰ পৰা ৬ বছৰত সদস্যতা অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্যতা অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰ...

June 19, 2024 8:50 PM

প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু শ্ৰুতি চৌধুৰীৰ বিজেপি দলত যোগদান

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি নতুন দিল্লীত প্রাক্তন কংগ্ৰেছ নেত্ৰী কিৰণ চৌধুৰী আৰু তেওঁৰ জীয়ৰী শ্ৰুতি চৌধুৰীয়ে বিজেপি দলত যোগদান কৰে। তেওঁলোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, সাংসদ মনোহৰ লাল খট্টৰ আৰু দলৰ অন্যান্য নেতাৰ উপস্থিতিত দলটোত যোগ দিয়ে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কিৰণ চৌধুৰীয়ে হাৰিয়ানা আৰু তাৰ জনসাধাৰণৰ বাবে কল্যাণৰ বাবে কাম কৰিবলৈ তেওঁলোক প্রতিশ্রুতিবদ্ধ বুলি প্ৰকাশ কৰে।

May 21, 2024 8:15 PM

আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰৰ বিজেপিত যোগদান

পঞ্জাৱৰ পৰা আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰে আজি বিজেপিত যোগদান কৰে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ উপস্থিতিত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়৷ 0000 সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে'ত এল টি টি ইৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচ...

May 4, 2024 8:00 PM

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী অৰবিন্দ সিং লাভলীৰ বিজেপিত যোগদান

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰববী অৰবিন্দ সিং লাভলীয়ে বিজেপিত যোগদান কৰিছে। শ্ৰী লাভলীয়ে আজি বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত দলটোৰ সদস্যপদ গ্রহণ কৰে । দিল্লীৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ চৌহান, কংগ্ৰেছ দলৰ প্ৰাক্তন সম্পাদক নচীব সিং, প্রাক্তন বিধায়ক নীজ বছোয়া, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ প্ৰাক্তন মুৰববী অমিত মালিকেও বিজেপিত যোগদান কৰিছে।