August 4, 2024 7:00 PM
গুৱাহাটীত অসম প্ৰদেশ বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
অসম প্ৰদেশ বিজেপিৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোদীক ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন জ্ঞাপন কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। ইয়াৰ লগতে ৰাজ্যৰ পাঁচটা সমষ্টিৰ আগন্তুক উপ-নির্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কার্যপ্রণালীৰ বিষয়তো কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ ...