June 6, 2024 8:24 PM

বীৰুবালা ৰাভাৰ মৃত্যু দিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্রামী বীৰুবালা ৰাভাৰ মৃত্যু দিনটো অর্থাৎ ১৩ মে'ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰুবালা ৰাভাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ আদৰ্শক সৰোগত কৰি কুসংস্কাৰৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰখাটো সকলোৰে দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । লগতে পৰিয়ালৰ অন...

June 2, 2024 8:13 PM

বীৰুবালা ৰাভাৰ মৃত্যু দিন ১৩ মে’ক ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা

কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী পদক্ষেপেৰে ৰাষ্ট্ৰজুৰি পৰিচিতি গঢ়ি তোলা বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা ইত্যাদিৰ উদ্যোগত গোৱালপাৰা জিলাৰ ঠাকুৰভিলা ৰাজহুৱা খেলপথাৰত আয়োজিত বিস্তৃত কাৰ্যসূচীত পৰম্পৰাগত ফাৰ্কান্তি নৃত্য পৰিবেশন, সর্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজনৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে বীৰুবালা ৰাভাৰ মৃত্যু দিৱস ১৩ মে'ৰ দিনটো ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে অন্ধবিশ্বাস আৰু কুসংস...

May 13, 2024 7:09 PM

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ দেহাৱসান

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কু-সংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশকৰো অধিক কাল যুঁজ দি অহা বিৰুবালা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহৰ শিখা, সকাহৰ অন্য নাম আছিল। ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচ...