September 24, 2024 12:27 PM

টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী বিমল বৰাৰ বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জাগীৰোডত স্থাপন হ'বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সম্ভাৱ্য সমস্যাসমূহৰ বিষয়েও আলোকপাত কৰা হয়। বৈঠকত টাটা গ্রুপ প্রতিনিধি আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু কৰ বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ইপিনে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত...