September 8, 2024 9:03 PM
অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জয়ন্তী পালন
বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। মানৱতাৰ জয়গান গোৱা তেজস্বী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীৰ সংগীতে অসমৰ লগতে দেশে-বিদেশৰ অগণন জনতাক আজিও মুগ্ধ কৰি ৰাখিছে। কিংবদন্তী শিল্পীগৰাকীয়ে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে অসমীয়াৰ উপৰি বঙালী, হিন্দী, ইংৰাজী আৰু অন্য ভাৰতীয় ভাষাৰ গীততো কণ্ঠদান কৰিছিল। ড° হাজৰিকাই সমকালীন সমাজৰ সংস্কৃতি, জীৱন প্ৰৱাহ, ৰাজনীতি, দুৰ্নীতি, মানৱ জীৱনৰ প্ৰেম-ভালপোৱা, অনুৰাগকে ধৰি প্ৰতিটো আৱেগক অনন্য ৰূপত মূৰ্ত কৰি তুলিছিল। শিল্পীগ...