September 17, 2024 6:21 PM

পঞ্চায়ত নিৰ্বাচনৰ বাবে  বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। বৰপেটা জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ পাঠকে আজি জিলাখনৰ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে। এই অনুসৰি জিলাখনৰ বৰপেটা, মন্দিয়া, চেঙা, সৰভোগ, ভৱানীপুৰ আৰু পাকা বেতবাৰী বিধানসভা সমষ্টি সামৰি নতুন সীমা নিৰ্ধাৰণ কৰা হৈছে যদিও আঞ্চলিক পঞ্চায়তৰ সংখ্যা পূৰ্বৰ দৰে ৯ খনতে সীমাবদ্ধ আছে। একেদৰে জিলা পৰিষদ ১৯ খন আৰু গাঁও পৰিষদৰ ১০২ খন। মুখ্য কাৰ্যবাহী...