September 14, 2024 3:24 PM

বৰপেটাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনৰ উদযাপন সমিতিসমূহলৈ আহ্বান

বৰপেটা জিলাত সমাগত বিশ্বকর্মা পূজা প্লাষ্টিকমুক্ত হিচাপে উদযাপন কৰিবলৈ জিলা প্রশাসনে উদযাপন সমিতিসমূহক আহ্বান জনাইছে। এই উদ্দেশ্যে জিলাখনৰ আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াই উদযাপন সমিতিসমূহৰ লগতে ৰাইজকো এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা, বটল আদি পূজাথলীত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ বাৰ্তা সমাজক দিবলৈ আৰু পূজাথলীত তেনে সামগ্ৰী ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত উদ্যোক্তাসকলক আগতীয়াকৈ সজাগতা সৃষ্টিৰ পৰামৰ্শৰ বাবেও জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশে জাননী আগবঢ়াইছে।

September 13, 2024 8:36 PM

বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজক সজাগতা সৃষ্টিৰে বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যসূচী

বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ পানী খোৱা, পানীৰ অপচয় ৰোধ তথা পানী সংৰক্ষণ কৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে আজি চেঙা দক্ষিণপাৰত এখন কর্মশালা অনুষ্ঠিত হয়। বৃহত্তৰ চেঙাৰ কেইবাখনো শিক্ষানুষ্ঠানত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ এটা দলক বিভাগটোৰ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। প্ৰধানকৈ সমষ্টিটোৰ চৰ অঞ্চলৰ শিক্ষাৰ্থীক এই প্রশিক্ষণ দিয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। জলদূত নাম দিয়া এইসকল শিক্ষার্থীয়ে...

September 7, 2024 6:30 PM

বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টা ৱাৰ্ডত পানী পৰিশোধন কেন্দ্ৰ স্থাপন

সাংসদ তথা পৌৰসভাৰ পদেন সদস্য ফণীভূষণ চৌধুৰীয়ে আজি ১৫ নম্বৰ ৱাৰ্ডত এটা পানী পৰিশোধন কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে অনুষ্ঠানত ভাষণ দি শ্রী চৌধুৰীয়ে কয় যে, বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টাত এনে পৰিশোধন কেন্দ্ৰ স্থাপন কৰা হৈছে। বাকী ৩টা ৱাৰ্ডত পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।

September 3, 2024 5:42 PM

স্নেহ স্পৰ্শ আঁচনিৰ অধীনত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ

ৰাজ্য চৰকাৰৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক সকলে জিলা তিনিখনৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে জনাই যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকল...

August 27, 2024 7:01 PM

পৰম্পৰাগত ৰীতি নীতিৰে বৰপেটা সত্ৰত আজি নন্দোৎসৱ পালন

বৰপেটা সত্ৰত আজি পৰম্পৰাগত ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছৰ দিনটো নন্দোৎসৱ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰৰ চোতালত শিশুসকলে তেল মিহলি বোকা খেল খেলি আনন্দ প্ৰকাশ কৰে। আনহাতে সত্ৰৰ ৰীতি অনুসৰি পুৱাৰ গীত, ভটিমা গাই, বন্তি প্ৰজ্বলন, নাম প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশু লীলাৰ ঘোষা গোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি কীৰ্তন ঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দোৎসৱ নাটখনৰ নৃত্য শিশুসকলে পৰিৱেশন কৰে। ইয়াৰ পাছতে দৈবজ্ঞই শ্রী কৃষ্ণৰ জন্মৰ গণনা প্রতিকীভাৱে সম্পন্ন কৰে। গায়ন-বায়ন প্ৰমুখ্যে ভকতসকলে ন...

August 1, 2024 12:41 PM

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা নাট্য সংগঠন পিনাকৰ সহযোগত আয়োজিত এই কৰ্মশালাৰ কালি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপস্থিত থাকে । কৰ্মশালাত অংশগ্ৰহণ কৰা ৩২ টি শিশু তথা কিশোৰ-কিশোৰীক মানপত্ৰ আগবঢ়োৱাৰ লগতে কালি প্রশিক্ষার্থীসকলে ৪ খন চুটি নাটো পৰিৱেশন কৰে।

July 4, 2024 9:13 PM

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

June 13, 2024 6:21 PM

বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন পৰিৱেশনৰ ব্যৱস্থা, যোগান ধৰা খাদ্যৰ গুণগত মান আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ লগতে তেওঁ শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডিজিটেল পুথিভঁৰালটো পৰিদৰ্শ...

May 17, 2024 6:37 PM

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত খাদ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ লোৱা হৈছে। খাদ্যৰ মান পৰীক্ষা প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত খাদ্যৰ গুণাগুণ পৰীক্ষা কৰা এখন ভ্রাম্যমান বাহন আজি উদ্বোধন কৰা হয়। কেন্দ্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত দেশৰ খাদ্য সুৰক্ষা আৰু মানসম্পন্ন প্ৰাধিকৰণৰ উদ্যোগত এই পদক্ষেপ গ্রহণ কৰা হৈছে। জিলা আয়ুক্ত আয়ুষ গৰ্গে পত...

May 12, 2024 7:01 PM

বৰপেটাৰ কেওটকুছিত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে  মাৰাথন প্রতিযোগিতাৰ আয়োজন

যুৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লগতে সামাজিক দায়বদ্ধতা আৰু চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ কেওটকুছি চেম্পিয়ন ক্লাবৰ উদ্যোগত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে এখন মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হয়। শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনত প্রতিযোগীসকলে সমগ্র কেওটকুছি গাঁও পৰিভ্ৰমণ কৰি চণ্ডীচৰণ খেলপথাৰত প্ৰতিযোগিতাৰ সামৰণি মাৰে।