May 21, 2024 11:44 AM

দেশৰ বেংকিং খণ্ডৰ লাভ প্ৰথমবাৰৰ বাবে তিনি লাখ কোটি টকা অতিক্রম

প্ৰথমবাৰৰ বাবে দেশৰ বেংকিং খণ্ডৰ লাভে তিনি লাখ কোটি টকা অতিক্রম কৰিছে। শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বে-চৰকাৰী বেংকসমূহৰ সামগ্রিক লাভ ৩ দশমিক এক লাখ কোটি টকা হৈছে। দেশৰ চৰকাৰী ১২টা বেংকে ২০১৮ বিত্তীয় বৰ্ষত ৮৫ হাজাৰ ৩৯০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল যদিও ২০২৩-২৪ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ এক দশমিক ৪ লাখ কোটি টকা লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী বেংকসমূহৰ এই লাভৰ পৰিমাণ পূৰ্বৰ তুলনাত ৩৪ শতাংশ বেছি। আনহাতে এই সময়ছোৱাত বে-চৰকাৰী ২৬টা বেং...