July 18, 2024 9:01 PM

বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ বিদেশ মন্ত্রালয়ৰ অনুৰোধ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতৰ সন্মুখীন হ'লে আৰু সহায়ৰ আৱশ্যক হ'লে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে।

July 18, 2024 8:59 PM

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিচুল হকে চৰকাৰে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত নীতিগতভাৱে সন্মত আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু বুলি কয়।

July 15, 2024 5:58 PM

ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ন কৰাটো বিচাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কৈছে যে, তেওঁ ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ণ কৰাতো বিচাৰে যিহেতু এই বিষয়টো চুবুৰীয়া দেশৰ সৈতে জড়িত। শ্ৰীমতি হাছিনাই তেওঁৰ শেহতীয়া চীন ভ্রমণ সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চীনে তিস্তা প্রকল্প সন্দৰ্ভত কেতবোৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এই বিষয়ত সম্ভাৱ্য অধ্যয়নো কৰিছে। ভাৰতেও এই ক্ষেত্ৰত প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে তিস্তা প্ৰকল্প সন্দৰ্ভত অধ্যয়ন চলাব বুলি উল্লেখ কৰি বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীয়ে ...

June 8, 2024 2:38 PM

দিল্লী অভিমুখে ৰাওনা বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। তেওঁ তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব ল'বলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শ্রীমতী হাছিনাই কাইলৈ সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আয়োজন কৰা ভোজমেলতো অংশগ্ৰহণ কৰিব। শ্ৰী মোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীক টেলিফোন যোগে আমন্ত্রণ জনাইছিল। শ্বেইখ হাছিনাই প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা...

May 30, 2024 1:08 PM

ঢাকা আৰু কাষৰীয়া অঞ্চলত ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ ভূইকঁপৰ জোকাৰণি

বাংলাদেশৰ ঢাকা আৰু কাষৰীয়া অঞ্চলসমূহক কালি বিয়লি ৰিখটাৰ স্কেলত ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৭ বাজি ১৩ মিনিটৰ এই ভূমিকম্পৰ জোকাৰণি ঢাকা, ছট্টগ্রাম, চিলেট আৰু আন কিছু অঞ্চলত অনুভূত হয়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে ঢাকাৰ পূবে প্ৰায় ৪৩৯ কিলোমিটাৰ দূৰত্বত ম্যানমাৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি জানিবলৈ দিছে। অৱশ্যে ভূমিকম্পৰ ফলত দেশখনত এই পর্যন্ত কোনো লোক নিহত হোৱা নাই আৰু সম্পত্তিৰো হানি-বিঘিনি হোৱা নাই বুলি জানিব পৰা গৈছে।