August 11, 2024 11:42 AM
বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ প্ৰতিবাদ অব্যাহত
বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে কালি দ্বিতীয় দিনৰ বাবেও প্ৰতিবাদ অব্যাহত ৰাখে। এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ঢাকাৰ শ্বাহবাগত ৩ ঘণ্টাৰো অধিক সময়ৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থাকে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ঘৰ, ব্যৱসায় আৰু মন্দিৰসমূহত দেশজুৰি চলা আক্ৰমণৰ পৰা সুৰক্ষাৰ দাবী কৰে। প্ৰতিবাদকাৰীসকলে সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলৰ বিচাৰৰ বাবে বিশেষ ন্যায়ধিকৰণ গঠন, সংখ্যালঘুৰ বাবে সংসদত ১০ শতাংশ আসন সংৰক্ষণ আৰু সংখ্যালঘু সুৰক্ষা আইন প্রণ...