August 8, 2024 1:16 PM

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্রকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

August 7, 2024 12:43 PM

মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী আৰু বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ ১৩জনীয়া প্ৰতিনিধিবর্গৰ সৈতে হোৱা ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব মহম্মদ জয়নাল আবেদিনে যোৱা নিশা সংবাদ মাধ্যমৰ আগত কয় যে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলাপ-আলোচনাৰ পাছত অন্তৱৰ্ত্তীকালীন চৰকাৰৰ আন সদস্যসকলৰ নাম চূড়ান্ত কৰা হ'ব। ৰাষ্ট্ৰপত...

July 20, 2024 7:10 PM

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ...

July 18, 2024 9:01 PM

বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ বিদেশ মন্ত্রালয়ৰ অনুৰোধ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতৰ সন্মুখীন হ'লে আৰু সহায়ৰ আৱশ্যক হ'লে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে।