August 30, 2024 8:37 PM

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত ‘সংবাদ সান্নিধ্য’ শীর্ষক সাংবাদিকতা কর্মশালা

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বিশ্ববিদ্যালয়খনৰ সভাগৃহত তিনিদিনীয়াকৈ ‘সংবাদ সান্নিধ্য' শীর্ষক সাংবাদিকতা কর্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাৰ সামৰণিৰ দিনটোত আজি বিশ্ববিদ্যালয়খনৰ অতিথি অধ্যাপক ডº জয়জিৎ ডেকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক শান্তনু ৰৌমূৰীয়াই প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। ২৮ তাৰিখে আৰম্ভ হোৱা কৰ্মশালাখনত সাংবাদিক পৰাগ দাসৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায...

June 28, 2024 12:38 PM

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ ‘Youth for Rural Re-construction’ শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ দওধাৰা, কামাৰ্দৈছা আৰু ৰান্ধনিপাৰা গাঁৱত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ পৰা ‘Youth for Rural Re-construction' শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ভূটান সীমান্তত সংলগ্ন হৈ থকা এই গাঁও তিনিখনত গাঁও অঞ্চলৰ পৰ্যটন, স্বাস্থ্য সেৱা, বড়ো জনজাতিৰ হস্ততাঁত আদিকে ধৰি বিভিন্ন দিশত এই কাৰ্যসূচীত গুৰুত্ব দিয়া হৈছে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰববী অধ্যাপক অন্দিম তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্...