September 25, 2024 7:03 PM

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী বি এল বার্মাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ, গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে চৰাইদেউ জিলাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদাম ক্ষেত্ৰত আহোম স্বৰ্গদেউসকল তথা উপৰি পুৰুষসকলক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পূৰ্বে ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক কেন্দ্ৰীয় পুৰাতত্ব আৰু প্ৰত্নতত্ব সঞ্চালকালয়ৰ ফালৰ পৰা আদৰণি জনোৱা হয়। আজিৰ ভ্ৰমণ কালত তেওঁ অলপতে বিশ্ব ঐতিহ্যক্ষ...

September 24, 2024 12:19 PM

দুদিনীয়া ভ্ৰমণসূচীৰে চৰাইদেউ জিলাত উপস্থিত হ’ব ৰাজ্য মন্ত্রী বি এল বার্মা

কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্রী বি এল বার্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি চৰাইদেউ জিলাত উপস্থিত হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব।