July 11, 2024 8:48 PM

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, সহজে নষ্ট হ'ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ প...

July 11, 2024 1:00 PM

জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰা কালি জনতা ভৱনত কৃষি বিভাগ তথা অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শস্য উৎপাদনৰ সমীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বান প্রভাৱিত অঞ্চলসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ দিয়াৰ বাবে সঠিক তথ্য সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে অসম কৃষি আয়োগৰ অধ্যক্ষ তথা কেইবাগৰাকীও সদস্যৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে ৰাজ্যৰ কৃষি তথা আনুসংগিক খণ্ডসমূ...

June 23, 2024 7:30 PM

গোলাঘাটত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ  চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদৌ অসম ৰবিদাস সন্মিলন, গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা অখিল ভাৰতীয় ৰবিদাসীয় ধর্ম সংগঠনৰ সহযোগত আজি নুমলীগড়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰবিদাস সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। এই সম্বর্ধনা অনুষ্ঠানত কেবিনেট মন্ত্রী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক সম্বর্ধনা জনাই মন্ত্ৰী শ্ৰী বৰাই চাহ জনগোষ্ঠীৰ লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে চাহ জনগোষ্ঠীয় সংগঠনসমূহে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে...

June 16, 2024 8:15 PM

বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত মন্ত্ৰী অতুল বৰাৰ বিভিন্ন সামগ্ৰী বিতৰণ

ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত ৫০০ গৰাকী দিব্যাংগ লোক আৰু শিশুৰ মাজত শ্রবন যন্ত্ৰ, হুইল ছেয়াৰ, হাতেৰে চলোৱা চাইকেল আৰু বেটাৰী চালিত চাইকেল বিতৰণ কৰে। গোলাঘাট জিলাৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ সৌজন্যত আৰু বোকাখাট মহকুমা প্রশাসনৰ সহযোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী শ্ৰীবৰাই দিব্যাংগসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বোকাখাট বিধানসভা সমষ্টিৰ সকলো দিব্যাংগ লোকক এই সুবিধা প্রদান কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। ইপিনে, আজি...

June 12, 2024 1:07 PM

গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰতে আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।