September 24, 2024 12:55 PM

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰে মত বিনিময় মন্ত্ৰী অতুল বৰাৰ

পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষি, পশুপালন তথা আনুসংগিক ক্ষেত্ৰসমূহত আত্মনিৰ্ভৰশীলতাৰ সুযোগ দিয়াৰ জৰিয়তে যুৱ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ জনসংখ্যাৰ সৰহ সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লে...

September 16, 2024 5:57 PM

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখন...

September 11, 2024 12:11 PM

হাইলাকান্দিত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

● তিনিদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা কৃষি, পশুপালন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি হাইলাকান্দিত জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি-শৃংখলা অটুট ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ এনাজৰী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। সীমান্ত অঞ্চলত যাতে চৰকাৰী ভূমি বেদখল নহয়, সেই বিষয়ে জিলা প্রশাসনক দৃষ্টি ৰ...

September 5, 2024 8:10 PM

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱৰ বাবে বহুসংখ্যক কৃষকে সমস্যাৰ সন্মুখীন হৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখি ...

September 3, 2024 6:57 PM

যোৰহাটত জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৩৫ খন গাঁৱত ৩১৯ হেক্টৰ ধাননিত ৰাইচ হিছপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ ৫৮৯ গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্র বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত মিলিত হয়। তেওঁ কৃষকসকলৰ সকাহৰ বাবে জিলা কৃষি বিভাগে গ্রহণ কৰি থকা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। ২৮১ হেক্টৰ ধাননিত ইতিমধ্যে পোকৰ আক্...

August 25, 2024 6:58 PM

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ৭ দিনীয়া বুথ সন্মিলনৰ আয়োজন

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আজিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে বুথ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত দলটোৰ সভাপতি অতুল বৰা প্ৰমুখ্যে সাংসদ, বিধায়ক, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া তথা জিলা বিধানসভা আৰু আঞ্চলিক সমিতিৰো সদস্যসকলে অংশগ্ৰহণ কৰিব। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলিয়ামৰিয়া বুথ সমিতিৰ সভাত উপস্থিত থাকে৷ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত আশাপ্রদ সফলতা কামনা কৰি কৰ্মকৰ্তাসকলক নিষ্ঠাৰে সাংগঠনি...

August 14, 2024 7:33 PM

পশুপালন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অতুল বৰাৰ পর্যালোচনা বৈঠক

পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি, ভৱিষ্যতৰ পৰিকল্পনা তথা কার্যপন্থা সন্দৰ্ভত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বাণিজ্যিক উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যত ছাগলী বিপ্লৱ আৰু গাহৰি বিপ্লৱৰ প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। বিভাগে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ লগতে ৰাজ্যিক বাজেটৰ ব্যয়ৰ স্থিতিৰ বিষয়েও মন্ত্রী শ্রীবাই পর্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়সীমাৰ...

August 1, 2024 12:51 PM

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ'ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নত...

July 18, 2024 5:52 PM

পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীর্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্...

July 11, 2024 8:59 PM

সত্ৰাধিকাৰ ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামীয়ে অসমীয়া জাতি জীৱনলৈ আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। একেদৰে মন্ত্ৰী বৰা আৰু ডা০ পেগুৱে দেৱ গোস্বামীৰ মৃত্যু জাতীয় জীৱনৰ অপূৰ্ণীয় ক্ষতি ...