July 20, 2024 1:02 PM

ছেপ্তেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ সম্ভাৱনা

চলিত বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, বৰ্তমানৰ অসম বিধানসভা ২০২১ চন অৰ্থাৎ‍সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নির্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কৈছে যে, এই উপ নির্বাচনত ২০২৩ চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব। সেয়ে এই ৫টা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তাল...

June 5, 2024 12:00 PM

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই আসনৰ ১১খন বিজেপিয়ে, কংগ্ৰেছে ৭খন সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে দুখনকৈ, চি পি আই (এম এল), জে এম এম আৰু বি এ পিয়ে এখনকৈ আসন লাভ কৰিছে। বিজেপিয়ে গুজৰাট ৫খন আৰু হাৰিয়ানাত এখন আসনত জয়লাভ কৰিছে। হিমাচল প্রদেশত বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪খন আসনত বিজয়ী হৈছে। বিহাৰৰ একমাত্ৰ আসনখন চি পি আই (এম এল)য়ে লাভ কৰিছে। ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চাই ১খন আৰু কৰ্ণাটকত কংগ্ৰেছে ১খন আসন দখল কৰিছে।...