July 11, 2024 9:01 PM

কোকৰাঝাৰত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ ৫খন জিলাতে ট্ৰফী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডুৰাণ্ড কাপ ট্ৰফী ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি কাইলৈ দুপৰীয়া এখন প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হ'ব।

July 11, 2024 8:54 PM

সম্প্ৰতি ৰাজ্যৰ ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে

ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ফৰকাল হোৱাৰ বাবে বাঢ়নি পানী হ্ৰাস পাইছে যদিও এতিয়াও ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৪ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে, ২০৯টা আশ্রয় শিবিৰ আৰু ১৫৬ টা সাহায্য বিতৰণ কেন...

July 11, 2024 8:41 PM

গুৱাহাটী মহানগৰক পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প

গুৱাহাটী মহানগৰীৰ জনসাধাৰণ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনৰ ষ্ট্রীট লাইট নথকা এহেজাৰ ৫২০টা পথ আৰু উপ-পথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উচ্চতাত ষ্ট্রীট লাইট সংস্থাপনৰো পৰিকল্পনা লোৱা হৈছে।

July 11, 2024 8:32 PM

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পষেক আয়োজিত হয়। পষেক উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ বোধ সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ৰঞ্জিত ভূঞাই পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যা বোধৰ বাবে আশাকৰ্মীসকলৰ কৰণীয় সন্দৰ্ভত মতামত আগবঢ়ায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুষ্কা বৰাই উপযুক্ত সময়ত বিব...

July 11, 2024 8:21 PM

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া-কর্মচাৰীসকলে পর্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন ব...

July 11, 2024 7:21 PM

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি কৰা হৈছে। উদ্যানশস্যৰ বিকাশৰ বাবে উদ্ভাৱনমূলক কাৰ্যসূচী আৰু নীতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৰাজ্যখনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ৰাজ্যখনত এনে কাৰ্যসূচী আৰু নীতিয়ে ভালেসংখ্যক খেতিয়ক আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। নাগালেণ্ডৰ মহিলা সম্পদ উন্নয়ন আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী ছলহ’টুঅ’নুঅ' ক্রুচে কালি বিয়লি নতুন দিল্লীত আয়োজিত পঞ্চদশ কৃষি নেতৃত্ব সন্মি...

July 11, 2024 1:10 PM

বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বানত ৫জন লোকে প্ৰাণ হেৰুৱাইছে

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায়বোৰ নৈৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৫জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভার্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সোঁতে বহু দলং ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্থিতি কিছু উন্নত হ'লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। জিলা প্রশাসনসমূহে ক্ষতিগ্রস্ত লোকসকলক খাদ্যৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ...

July 11, 2024 12:57 PM

অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতা

বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি সমাগত অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত এখন বৈঠকত অধ্যক্ষতা কৰে। জনতা ভৱনত আয়োজিত এই বৈঠকখনত সংশ্লিষ্ট সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

July 11, 2024 12:55 PM

পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ আলোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা তথা পৰিষদৰ অধ্যক্ষ মহেৎ হোজাইকে ধৰি কেইবাগৰাকীও বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি শৈক্ষিক পৰিৱেশ আৰু এই সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহত শৈক্ষিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি...

July 11, 2024 12:20 PM

কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাংসদ পৰিমল শুক্লবৈদ্যৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে বৈঠক

■ সাংসদ পৰিমল শুক্লবৈদ্যই কালি কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সাংসদগৰাকীয়ে সকলো প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাছাৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পথ আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়।