July 15, 2024 12:34 PM

দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। উল্লেখযোগ্য যে এই বৈঠকত অসমৰ বাবে চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে।

July 15, 2024 12:22 PM

দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস...

July 13, 2024 1:18 PM

শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

● গোৱালপাৰা জিলাৰ শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা বাকী দুজন ব্যক্তিৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পানীত ডুবি নিহত হোৱাসকলৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায়। নিহতসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৪ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰে।

July 13, 2024 1:06 PM

views 1

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ, অসম তথা উত্তৰ-পূবত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্রতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড...

July 13, 2024 1:01 PM

মাজুলীত বানৰ পাছত হ’ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন প্ৰশাসনৰ

● মাজুলী জিলা প্রশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্রতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভালেমান জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰাৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি বানত ক্ষতিগ্র...

July 13, 2024 12:57 PM

২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব

● ২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকে বিশেষ নির্দেশনা জাৰি কৰিছে। ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক সকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে দিয়া এটা নির্দেশনাত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ ফলত দীর্ঘদিনে বিনা বেতনে শিক্ষকতা কৰি ২০১৩ চনত প্ৰাদেশিকৰণ হোৱাৰ পিছত অতি কম সময় চাকৰি নিখিত দৰমহা লাভ কৰা শিক্ষকসকলৰ উপকৃত হ'ব।

July 13, 2024 12:47 PM

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্রহণ কৰিব বুলি তেওঁ বার্তাটোত উল্লেখ কৰে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও...

July 13, 2024 12:43 PM

ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে

■ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্রধান প্রধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীত খোৱাঙত বুঢ়িদিহিং নৈ বিপদসীমাৰ ওপৰে বৈ আছে। ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৭৫টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বৰ্তম...

July 12, 2024 12:53 PM

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰৰত বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া- কৰ্মচাৰীসকলে পৰ্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে, বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো সময়ত এই ছুটীৰ সুবিধা...

July 11, 2024 9:12 PM

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ কৰিছে। এই ঘটনা সংক্রান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে লখিমপুৰ জিলাৰ হাৰমতিত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। লোকজনৰ পৰা ৪৮টা টেমাত ভৰ্তিকৰি ৰখা মাদকদ্রব্য আৰু ৪৮ হাজাৰ টকাৰো অধিক নগদ ধন জব্দ কৰা হৈছে। গোলাঘাট জিলাৰ সৰুপথাৰতো কালি বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হ...